Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Friday, 27 January 2017

স্বাধীনতা – ২


বুকুত এটি বিপ্লৱ নুৰিয়াই লৈ
তেওঁ মোৰ দুৱাৰত টুকুৰিয়াইছিল ।
এখন সেউজ অৰণ্যৰ স্বাধীনতাৰ স্বপ্নই
তেওঁক বাৰুকৈয়ে বলিয়া কৰিছিল ।

নৈৰ সিপাৰে ৰিণিকি ৰিণিকি শুনো আজিও
বিপ্লৱৰ কুচকাৱাজ কিম্বা মৃত্যুৰ আৰ্তনাদ ।
জীৱনে সোধে –
বুকুৰ হালধীয়াৰ পৰা অৰণ্যৰ সেউজীয়ালৈ
আৰু কিমানদূৰ বাট ?

মোৰ হাতত তেওঁ সঁপি গ’ল এমুঠি তেজে ধোৱা মাটি
কিন্তু তেওঁ জনা নাছিল –
মোৰ হাতত মোৰেই যে মৃত্যুঘন্টা আছে দুলি ।।

Sunday, 15 January 2017

শিলৰ আত্মকথা


মই এটি শিল হৈছিলো
স্মৃতিবোৰ শেলুৱৈ হৈছিল 
আৰু মোক চেপিছিল; উশাহবোৰ শুহি নোলোৱা পৰ্যন্ত

সময়বোৰ নৈ হৈ বৈ আহিছিল

দিগন্তগামী হেঙুলীয়াই
বাৰে বাৰে বেঙা মেলি চায়
সমীৰৰ সতে ঢৌ তুলি
শেলুৱৈৰ কৱলৰ পৰা মোক আজুৰিবলৈ
তোমাৰ যে কি আপ্ৰাণ চেষ্টা !

ছেঃ, তোমাৰ দুখবোৰ অৱগাহন কৰিব পৰা হলে...

Tuesday, 3 January 2017

কথোপকথন - ৩


 তুমি - ক্ষণিকতে যিদৰে আঁতৰি যায়
         আকাশৰ নেজাল তৰা
         ওঁঠৰ পৰা সৰি কৰবাত যেন হেৰাই গল আমাৰ কথা

মই - নেহেৰাই কেতিয়াও ওঠঁৰ ভাষা
        বুকুত ওলমি আছে চোৱা, সেয়াই তুমি কোৱা
        কিছু সপোন, কিছু প্ৰত্যাশা

তুমি - প্ৰত্যাশাই যদি মিছা হয় ধূসৰ বন্দৰত
         নাওঁ মেলি দিবা কি সাহসত ?           

মই - নাওঁ ভটিয়াব কথানদীৰ সোঁতত
        উচ্ছ্বলা যৌৱনা তুমি মোৰ চিফুং বাঁহীৰ সুৰত
        নিলাজ ফাগুন উৰিব তোমাৰ চাদৰৰ আঁচলত
        আঁকি দিওঁ নেকি পলাশৰ ৰঙা তোমাৰ কপালত ?

তুমি - আঁকি লম তোমাৰ হেঁপাহৰ ৰঙা মোৰ কপালত
         তোমাৰ মৰমৰ নৈত ডুব যাম প্ৰতিটো উশাহত

মইমোৰ মৰমত নুডুবিবা
        জীৱনৰ সেউজীয়া ঠিকনা হেৰুৱাবা
        সৌৱা হাত বাউলি মাতিছে তোমাৰ সপোনে
        সাঁতুৰি পাৰ হৈ যোৱা


                  

Wednesday, 28 December 2016

শংকৰদেৱ একাডেমীৰ তুমি নীলাঞ্জনা বৰুৱা – ৩


                                                                  
নীলাঞ্জনা,
কেনেকৈ তোমাৰ বোকোচাত তুলি দিওঁ
মোৰ বুকুৰ সমস্ত দুখ ?
তুমিতো নাজানা - তাৰ আঁৰত লুকাই আছে কাৰ চিনাকি মুখ

নৈৰ ঘাটত শেলুৱৈৰ চেপাত
শিলচটাই আজি উশাহ লব পৰা নাই
জাক হেৰুওৱা পখীৰ কলৰৱত
সন্ধ্যাটি ভূমাৰ বুকুত নিৰলে লুকায়

জানা,
তোমাৰ নিলাভ অথচ দ্ব্যৰ্থ চাৱনিয়ে
সিদিনা মোৰ সমস্ত শৰীৰত বগুৱা বাই ফুৰিছিল
মই হৈ পৰিছিলো নীড়হাৰা
যিদিনা তুমি তোমাৰ আঁচলৰ আঁৰত
এটি কুঁৱলীসনা সন্ধ্যা মেৰাই লৈ আহিছিলা
আৰু মোৰ কান্ধত মূৰ থৈ সুধিছিলা
কিমান কঠিন হলে বুকুত সপোনে কুৰুকিব পাৰে ?
কিমান গভীৰ হলে উশাহত হুমুনিয়াহ উজাই যাব পাৰে ?
কিমান উজাগৰ ৰাতিৰ শেষত চকুত ওলমে আশাৰ জোলোঙা ?
অথবা
কিমান হতাশাই আঙুলিৰ ঠাঁৰত স্তব্ধ কৰিব পাৰে জীৱনৰ উন্মাদনা ?

মোৰ কম্পিত ওঁঠে মৌনতাৰ আৱৰণ গুচাই
তোমাৰ উত্তৰ দিবলৈ অপাৰগ আছিল
মই যে আজি মৌন বুদ্ধ !

পুনঃ
কালি তুমি আকৌ আহিছিলা
পূৰ্ণিমাৰ জোনাকী নিশা তোমাৰ উত্তৰ বিচাৰি
বাট হেৰুৱাইছিলা আৰু
মোৰ সোঁৱৰণীৰ বুকুত জাহ গৈছিলা

Thursday, 24 November 2016

কবিতা


আকাশে নাজানে
তাৰ বিশালতাৰ কথা
নদীয়ে নাজানে
তাৰ গভীৰতাৰ কথা

তুমিও নাজানা
তোমাৰ বুকুৰ খাজে খাজে বৈ থকা
ভালপোৱাৰ সূঁতিটোৰ কথা
কাৰণ,তুমি মোৰ বাবে এটি কবিতা
জটিলতাই স্পৰ্শ নকৰা
অলিখিত
এটি জীৱন্ত কবিতা

বাস্তৱ


মোৰ মন আকাশৰ
বিষাদৰ কজলা ডাৱৰবোৰ
উৰুৱাই নিবলৈ
প্ৰেমৰ পচোৱাজাক
আৰু নাহে

দোভাগ নিশা
বুকুৰ সিক্ত ৰোৱাতলিত
তোমাৰ স্মৃতিৰ কঠিয়া সিঁচিবলৈ
বৰষুণজাক আৰু নাহে

মোৰ দুচকুৰ স্বপ্নক দিঠক কৰিবলৈ
এতিয়া যে সময়ে
তোমাক লৈ উভতি নাহে

মুক্তি


তোমাৰ চকুলোৰ সোঁতত ভটিয়াই
মোৰ জীৱনৰ নাওঁ

তোমাৰ প্ৰগলভ চাৱনিত তিৰবিৰাইছিল
আশাৰ তৰালি
তোমাৰ উন্মাদ চুলিটাৰিৰ আন্ধাৰত
কুৰুকি কুৰুকি সেয়া আজি
কাৰ আঙুলিৰ ধেমালি ?

তোমাৰ চকুহালিত পিয়াপি ফুৰা
এটি নষ্ট স্বপ্নই
মুক্তিৰ বাট খেপিয়াই আত্মহত্যাৰ জখলা বগাইছিল
লোতকৰ বন্যাত উটি আহি সি
মোৰ হাতৰ তলু্ৱাত শুই পৰিছিল

শ্ৰমিক


এটি ৰৌদ্ৰদগ্ধ শৰীৰ ,
এটা ক্লান্ত মন,
সুৰুঙাবিহীন কৰ্মব্যস্ততা,এটা পৰাধীন জীৱন
কাৰণ
তেওঁলোক যে শ্ৰমিক

স্বাধীনতাৰ তৃষ্ণাত আতুৰ ,
বোজাৰ ভৰত কাতৰ তেওঁলোকৰ শৰীৰ

এমুঠি অন্ন,এটি আশ্ৰয় কিম্বা
পৰিয়ালৰ চাৰিবেৰত ওলোমাব খোজা
এটি হাঁহিৰ আশাত
বন্দী,
তেওঁলোকৰ দুহাত

তেওঁলোকৰ দুহাতেৰে বাগৰে
কেঁচা তেজৰ সোঁত ,
ত বিৰিঙি উঠে জীৱনৰ দুখৰ দলিল
দুহালি চকুৰে পাৰভাঙি বৈ আহে
আৱেগৰ লোতক ,
ত লুকাই থাকে হেৰুওৱাৰ যাতনা

এৰা...
সময়ৰ আগত বশ্যতা স্বীকাৰ কৰা
এওঁলোকেই হল শ্ৰমিক

সময়


স্মৃতিৰ জোলোঙাৰ পৰা
সৰি পৰিল
এমুঠি সময় ;
হেঙুল বৰণীয়া
ক্লান্ত,বিষণ্ণ সময়

অতীত কিম্বা ভৱিষ্যতৰ বোজাত
ভাৰাক্ৰান্ত বৰ্তমান সময়

আইৰ দুচকুত সময়ে
আঁকিব খোজা নাছিল ,
পিতাইৰ বিষাদগ্ৰস্ত মুখখনি
আইৰ কপালত জ্যোতিস্মান
নষ্টালজিয়াৰ ৰঙা ফোঁটটিক
সময়ে অপমানিত কৰিব বিচৰা নাছিল
মাথো অতীতৰ সমাধি বগাই
নিৰৱে গুচি গৈছিল
সময়...।।



স্বপ্ন


গৰাখহনীয়া সৃষ্টি কৰিছে বুকুত
অসুখীয়া স্বপ্নবোৰে
কমাই আনি আছে ক্ৰমশঃ
হৃদয়ৰ পৰিসৰ...

মৃত্যুমুখী যাত্ৰা
আৰম্ভ কৰিছে সিহঁতে
আৰু মই
মৃত্যুমুখী স্বপ্নৰ বাবে
বুকুত খান্দিছো কবৰ... ।।

ফাগুন - ২


আপোনাৰ হৃদয়লৈও এদিন
ফাগুন আহিছিল
আপোনাৰ কলিজাত
পলাশৰ ৰঙা ছটিয়াই
ফাগুনে খিলখিলাই হাঁহিছিল
আপোনাৰ দীঘল চুলিটাৰিৰ ফাঁকে ফাঁকে
আঙুলি বুলাই
ফাগুনে এঘুমটি মাৰিছিল
ফাগুনৰ চেঁচা পৰশে
আপোনাক শিহঁৰিত কৰিছিল
আপোনাৰ আঁচল উৰুৱাই
নিলাজ ফাগুনে
বক্ষৰ সৌন্দৰ্য্য পান কৰিছিল

বিশ্বাস কৰক,
মোৰ বুকুলৈও ফাগুন আহিছিল
আপোনাৰ সৈতে খেলা কৰা
নিৰ্লজ্জ আবেলিটোৰ কথা কৈ
মোৰ লগত চুপতি মাৰিছিল
আপোনাৰ কুশল বতৰা জনাই
পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে
ফাগুনে মোৰ পৰা বিদায় মাগিছিল

বৰষুণত নিতিতিবা


বৰষুণত নিতিতিবা
তোমাৰ সিক্ত চুলিটাৰিৰ সুবাসে
বুকুত প্ৰেমৰ গজালি মেলাব

বৰষুণত নিতিতিবা
তোমাৰ খিল্ খিল্ হাঁহিত
পদুলিত শৰতৰ শেৱালি সৰিব

বৰষুণত নিতিতিবা
হেঙুল সূৰুযে লাজত
পশ্চিম দিগন্তত লুকাভাকু খেলিব

বৰষুণত নিতিতিবা
তুমি এনেয়েও ধুনীয়া



আপোন


 কোনোৱেই আপোন নহয়
এই পৃথিৱীত,
আপোনাৰ অথবা মোৰ বাবে

সময়ৰ জালত আবদ্ধ হৈ
ছটফটাই থকা আমিবোৰ
কাৰোবাৰ বাবে মাথো
মানুহ নামৰ বহুৰূপী

দুখৰ পাৰত দুখবোৰ জাৰি-জোকাৰি
হেঁপাহৰ কলং সাঁতুৰি
সুখৰ পাৰলৈ ঢাপলি মেলিব খোজা আমিবোৰ
কাৰোবাৰ বাবে প্ৰলাপী পাগল

বৰ্তমানৰ ৰুদ্ধদ্বাৰ অতিক্ৰমি
পৰিস্থিতিৰ মুখামুখি হব খোজা আমিবোৰ
কাৰোবাৰ বাবে
কেৱল একো একোজন বহুৱা

অসংলগ্ন

()
ফাগুনী বতাহজাকে
তোমাৰ আঁচল কঁপাইছিল
এটি নিষ্পাপ স্বপ্ন
মোৰ শৰীৰত সিঁচিবলৈ
আঁচলখনে
উদ্বাউল হৈ নাচিছিল

()
বিষন্নতাৰ বুকুত মুখ গুঁজি উচুপিবলৈ
প্ৰয়োজন মাথো
তোমাৰ স্মৃতি বিজড়িত
এমুঠিমান অতীত

স্বাধীনতা - ১


আমাক স্বাধীনতা লাগে
-কে-৪৭ ৰ গুলীৰ বিনিময়ত

দুচকুত সপোন আৰু হাতত
উদ্যত মাৰণাস্ত্ৰ লৈ
যিসকলে গভীৰ অৰণ্যত
জীৱন হেৰুৱালে
তেওঁলোকৰ প্ৰতিটোপাল তেজৰ বিনিময়ত
আমাক স্বাধীনতা লাগে

যিসকল শ্বহীদৰ পৰিয়ালত
আজিও উচুপনিৰ শব্দই ৰাউচি জোৰে,
তেওঁলোকৰ চকুপানীৰ বিনিময়ত
আমাক  স্বাধীনতা লাগে


আমি যে তথাকথিত স্বাধীন দেশৰ পৰাধীন নাগৰিক

নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা


তুমি কলা
তোমাৰ বুকুত মোক এডৰা মাটি দিয়া,
প্ৰতি শৰতত মই তাত শেৱালি হৈ সৰিম,
কহুৱা হৈ ফুলিম
মই কলো
নাওঁখন চিনাকি, নৈখন অচিনা
শেষত নকবা
নাজানিলেই ভাল আছিল তোমাৰ ঠিকনা

শংকৰদেৱ একাডেমীৰ তুমি নীলাঞ্জনা বৰুৱা - ২


নীলাঞ্জনা,
তোমাৰ জেতুকাবুলীয়া আঙুলিৰ স্পৰ্শত
মোৰ শীৰ্ণ আঙুলিৰ জঠৰতা ভাঙে
তোমাৰ লাস্যময়ীতাৰ হিল্লোলত
বুকুত সেউজীয়া স্বপ্নৰ অনুৰণন জাগে

মই বিপ্লৱী হৈছো নীলাঞ্জনা
স্বাধীনতা বিচাৰি
ডাষ্টবিনৰ পৰিৱৰ্তে
গভীৰ সেউজীয়াৰ মাজত বিলীন হৈছো
বিপ্লৱৰ কবিতা আওৰাই
হাতত গুঁজি লৈছো বন্দুক আৰু বাৰুদ
যি হাতেৰে তোমাৰ হাতত
হাত থৈ
জীৱনৰ প্ৰতিশ্ৰুতি দিছিলো
সেই হাতেৰেই কত জীৱন হত্যা কৰি 
আজি বিপ্লৱৰ নিচান উৰুৱাইছো  
তুমি উপহাৰ দিয়া কলমেৰে 
প্ৰেমৰ কবিতা লিখাৰ পৰিৱৰ্তে,
বন্দুকেৰে লিখি গৈছো অৰণ্যৰ বুকুত
মাথো তেজৰ কবিতা

এটি ৰৌদ্ৰোজ্বল পুৱাৰ অপেক্ষাত
সাৰে থাকে
অৰণ্যৰ প্ৰতিটো নিশা 
মগজুত কলমটিওৱা
স্বাধীনতাৰ ভোকে আজুৰি নিয়ে
চকুহালিত ওলমি থকা
সপোনৰ জোলোঙা 

নীলাঞ্জনা,
মোৰ বাবে তুমি ঈশ্বৰক প্ৰাৰ্থনা নকৰিবা 
ঈশ্বৰ এই বিপ্লৱৰ পলৰীয়া বিপ্লৱী 

আই আৰু পিতাইৰ চকুলৈ চাবাচোন
আজিও দেখিবা তাত     
আশাৰ থোৰ মেলা ধাননি                  

হয়তো কোনোবা নিশা       
উভতি আহিম বিপ্লৱৰ দাবানল সামৰি                         
তোমাৰ ওচৰত বন্ধকত থোৱা
মোৰ হৃদয়খনৰ ভিক্ষা বিচাৰি