Thursday 24 November 2016

সময়


স্মৃতিৰ জোলোঙাৰ পৰা
সৰি পৰিল
এমুঠি সময় ;
হেঙুল বৰণীয়া
ক্লান্ত,বিষণ্ণ সময়

অতীত কিম্বা ভৱিষ্যতৰ বোজাত
ভাৰাক্ৰান্ত বৰ্তমান সময়

আইৰ দুচকুত সময়ে
আঁকিব খোজা নাছিল ,
পিতাইৰ বিষাদগ্ৰস্ত মুখখনি
আইৰ কপালত জ্যোতিস্মান
নষ্টালজিয়াৰ ৰঙা ফোঁটটিক
সময়ে অপমানিত কৰিব বিচৰা নাছিল
মাথো অতীতৰ সমাধি বগাই
নিৰৱে গুচি গৈছিল
সময়...।।



No comments:

Post a Comment