এটি
ৰৌদ্ৰদগ্ধ শৰীৰ ,
এটা
ক্লান্ত মন,
সুৰুঙাবিহীন
কৰ্মব্যস্ততা,এটা পৰাধীন জীৱন ।
কাৰণ –
তেওঁলোক
যে শ্ৰমিক ।
স্বাধীনতাৰ
তৃষ্ণাত আতুৰ ,
বোজাৰ
ভৰত কাতৰ তেওঁলোকৰ শৰীৰ ।
এমুঠি
অন্ন,এটি আশ্ৰয় কিম্বা
পৰিয়ালৰ
চাৰিবেৰত ওলোমাব খোজা
এটি
হাঁহিৰ আশাত
বন্দী,
তেওঁলোকৰ
দুহাত ।
তেওঁলোকৰ
দুহাতেৰে বাগৰে
কেঁচা
তেজৰ সোঁত ,
য’ত বিৰিঙি উঠে জীৱনৰ দুখৰ দলিল ।
দুহালি
চকুৰে পাৰভাঙি বৈ আহে
আৱেগৰ
লোতক
,
য’ত লুকাই থাকে হেৰুওৱাৰ যাতনা ।
এৰা...
সময়ৰ
আগত বশ্যতা স্বীকাৰ কৰা
এওঁলোকেই হ’ল শ্ৰমিক ।
No comments:
Post a Comment