নিজকেই বিশ্বাস হোৱা নাই তাৰ । ইমান অকল্পনীয় স্বীকাৰোক্তি
কৰাৰ সাহস সি ক’ত পালে ? তাকো তাইৰ আগত
? কিহৰ বাবে সি নিজকে তাইৰ আগত মানসিকভাৱে নগ্ন কৰি তুলি ধৰিলে
? কি স্বাৰ্থ আছিল তাৰ ?
কোঠাটোৰ এচুকত থকা টেবুলখনৰ সন্মুখত
বহি সি আবেলিৰ ঘটনাটোকে পাগুলিয়াই আছিল । মনৰ সাগৰত চিন্তাৰ প্ৰচণ্ড
ঢৌবোৰৰ মাজত সি নিজকে অসহায় নাওঁ এখনৰ দৰে এৰি দিছিল । ঢৌবোৰ অতিক্ৰমি সিপাৰ
পোৱাৰ আশাত কিম্বা হেৰাই যোৱাৰ তাড়নাত ।
সকলো ঘটনা সামৰি সি চিঠি এখনত তাইলৈ
নীলা আখৰবোৰ আঁকিবলৈ লৈছিল মাত্ৰ, তেনেতে কাৰেণ্ট গ’ল । খেপিয়াই
খেপিয়াই সি মম এডাল জ্বলালে ।
তাৰ
আঙুলিবোৰ কঁপিছিল – ঠাণ্ডা কিম্বা মানসিক অস্থিৰতাত
।
ক্ৰমশঃ মমডাল গলি গলি শেষ হৈ আহিছে
,ঠিক তাৰ কলিজাটিৰ দৰে । কলিজাৰ কেঁচা তেজত আজি
তাইৰ চিনাকি গোন্ধ নাই ।
কলিজাৰ
উৱলি যোৱা পঁজাত তাই বহুদিন ভুমুকি মৰা নাই । আলপৈচানৰ অভাৱত আজি জহি-খহি নিঃশেষ হ’ব ধৰিছে তাৰ কেঁচা ৰঙৰ প্ৰেমৰ পঁজা । তাৰ চিঠিখন আধৰুৱা হৈয়েই
পৰি ৰ’ল । তাৰ
আঙুলিকেইটাই কান্দিছিল, চিঠিখন মোহাৰি চুকৰ ডাষ্টবিনটোলৈ
দলিয়াই । গলি
গলি নিঃশেষ হৈ অহা মমডালে এটা সময়ত নিজকে মৃত ঘোষণা কৰিছিল । মাথো শ্মশানৰ চিতাৰ দৰে
তাৰ মৃত শৰীৰৰ পৰা উৰি আহিছিল উমুঠিমান ধোঁৱা । কোঠাটোৱেও তাক সাৱতি আন্ধাৰত
বুৰ মাৰিছিল ।