Thursday, 24 November 2016

বৰষুণত নিতিতিবা


বৰষুণত নিতিতিবা
তোমাৰ সিক্ত চুলিটাৰিৰ সুবাসে
বুকুত প্ৰেমৰ গজালি মেলাব

বৰষুণত নিতিতিবা
তোমাৰ খিল্ খিল্ হাঁহিত
পদুলিত শৰতৰ শেৱালি সৰিব

বৰষুণত নিতিতিবা
হেঙুল সূৰুযে লাজত
পশ্চিম দিগন্তত লুকাভাকু খেলিব

বৰষুণত নিতিতিবা
তুমি এনেয়েও ধুনীয়া



No comments:

Post a Comment