মই
এটি শিল হৈছিলো ।
স্মৃতিবোৰ
শেলুৱৈ হৈছিল
আৰু
মোক চেপিছিল; উশাহবোৰ শুহি নোলোৱা পৰ্যন্ত ।
সময়বোৰ
নৈ হৈ বৈ আহিছিল ।
দিগন্তগামী
হেঙুলীয়াই
বাৰে
বাৰে বেঙা মেলি চায় –
সমীৰৰ
স’তে ঢৌ তুলি
শেলুৱৈৰ
কৱলৰ পৰা মোক আজুৰিবলৈ
তোমাৰ
যে কি আপ্ৰাণ চেষ্টা !
ছেঃ, তোমাৰ দুখবোৰ অৱগাহন কৰিব পৰা হ’লে...
No comments:
Post a Comment