বহুত অভিনয় কৰিলো জীৱন নামৰ নাটকখনিত
। আজি
মই বৰ ক্লান্ত অ’...
জীৱনটোত
মই নিজৰ ইচ্ছাৰে জীয়াই থাকিব বিচাৰো । তাৰ বাবেই হয়তো মই হেৰুৱাইছো
পৰিয়ালৰ আস্থা । তেওঁলোকৰ
বাবে মই ত্যাজ্য । ক্ৰমাৎ
বাঢ়ি গৈ আছে সম্পৰ্কৰ দূৰত্ববোৰ ।
শুকাই
শুকাই লেহুকা হৈ গৈ আছে বন্ধু-বান্ধৱীৰ লগত থকা এনাজৰীডাল
। সকলোৰে
পৰা আঁতৰি আহি আজি মই মোৰ পৃথিৱীতে স্বনিৰ্বাসিত । ভগৱানক মই বিশ্বাস নকৰো, কৰিব নোখোজো ।
সংগীবিহীনভাৱে
অতিবাহিত হৈ আছে তথাকথিত জীৱন ।
মানসিক
অন্তৰ্দ্বন্দ্বত ভুগিছো মই ।
প্ৰতিনিশাই
নিসংগতা আৰু একাকীত্বৰ চিকাৰ হৈ পৰো ।
তথাপিও
অশেষ চেষ্টা কৰিও অনুৰাগক মোৰ মনৰ পৰা আঁতৰাই পঠিয়াব পৰা নাই । তাৰ মাজত,তাৰ সপোনবোৰৰ মাজত মোৰ জীৱনটোক নতুনকৈ বিচৰাৰ হাবিয়াস জাগি উঠে । সপোনত যেতিয়া সি আহে,মোৰ বুকুৰ মাজৰ লুকাই থকা কোনোবা যুগৰ আশাবোৰে যেন এঙামুৰি দি উঠে হঠাতে । তাক চিঞৰি ক’ব মন যায় –“ অনুৰাগ, ময়ো তোমাক
বহুত ভাল পাওঁ ” ।
নোৱাৰো
ক’ব । বিবেকে
বাধা দিয়ে । কেনেকৈ
কওঁ তাক মোৰ জীৱনৰ চৰম সত্য ? আৱেগ আৰু বিবেকৰ অঘোষিত
যুদ্ধত থকা-সৰকা হৈ পৰো । নিজকে বুজোৱাৰ অপচেষ্টা
কৰো । তাৰ
উজ্জ্বল চকুহালিত চকু থৈ কথা কোৱাৰ সাহস নাই মোৰ । নিজকে স্বাৰ্থপৰ যেন অনুভৱ
হয় । তাৰ
সঁচা ভালপোৱাৰ বিনিময়ত তাক কি দিলো ? এবুকু যন্ত্ৰণা,এমুঠি গভীৰ হুমুনিয়াহ আৰু কিছু গধুৰ কষ্টকৰ উশাহ । আবেলি নৈৰ পাৰত সময়ে সোঁতৰ
দৰে গতি কৰে । অথচ
মই নিৰুপায় ।
মই
কেঞ্চাৰত আক্ৰান্ত,অন্তিম পৰ্যায় । ভাগি পৰিছো মই সম্পূৰ্ণৰূপে
। জীয়াই থকাৰ হেঁপাহবোৰ
ক্ৰমান্বয়ে আঁতৰি যায় ।
এক
বিশাল শূণ্যতাই অৱশিষ্ট দিনকেইটা কুটি কুটি খায় । আজিও মই সপোন দেখো – বৃদ্ধ ছাণ্টিয়াগোৰ সপোন,শুই থকা সিংহৰ সপোন । পাৰ্থক্য মাথো এটাই – সিহঁতে শুইছে নতুন উদ্যমেৰে পিছদিনা আকৌ নিজ কামত ব্যস্ত হোৱাৰ দোহাই দি । আৰু মই...?
নৈৰ পাৰত চিতা এখনে যে মোৰ শৰীৰটোক সাৱতি ল’বলৈ
ব্যাকুল হৈ পৰিছে ।
No comments:
Post a Comment