নীলাঞ্জনা,
কেনেকৈ
তোমাৰ বোকোচাত তুলি দিওঁ
মোৰ
বুকুৰ সমস্ত দুখ
?
তুমিতো
নাজানা -
তাৰ আঁৰত লুকাই আছে কাৰ চিনাকি মুখ ।
নৈৰ
ঘাটত শেলুৱৈৰ চেপাত
শিলচটাই
আজি উশাহ ল’ব পৰা নাই ।
জাক
হেৰুওৱা পখীৰ কলৰৱত
সন্ধ্যাটি
ভূমাৰ বুকুত নিৰলে লুকায় ।
জানা,
তোমাৰ
নিলাভ অথচ দ্ব্যৰ্থ চাৱনিয়ে
সিদিনা
মোৰ সমস্ত শৰীৰত বগুৱা বাই ফুৰিছিল ।
মই
হৈ পৰিছিলো নীড়হাৰা ।
যিদিনা
তুমি তোমাৰ আঁচলৰ আঁৰত
এটি
কুঁৱলীসনা সন্ধ্যা মেৰাই লৈ আহিছিলা
আৰু
মোৰ কান্ধত মূৰ থৈ সুধিছিলা
কিমান
কঠিন হ’লে বুকুত সপোনে কুৰুকিব পাৰে ?
কিমান
গভীৰ হ’লে উশাহত হুমুনিয়াহ উজাই যাব পাৰে ?
কিমান
উজাগৰ ৰাতিৰ শেষত চকুত ওলমে আশাৰ জোলোঙা ?
অথবা
কিমান
হতাশাই আঙুলিৰ ঠাঁৰত স্তব্ধ কৰিব পাৰে জীৱনৰ উন্মাদনা ?
মোৰ
কম্পিত ওঁঠে মৌনতাৰ আৱৰণ গুচাই
তোমাৰ
উত্তৰ দিবলৈ অপাৰগ আছিল ।
মই
যে আজি মৌন বুদ্ধ
!
পুনঃ –
কালি
তুমি আকৌ আহিছিলা ।
পূৰ্ণিমাৰ
জোনাকী নিশা তোমাৰ উত্তৰ বিচাৰি
বাট
হেৰুৱাইছিলা আৰু
মোৰ সোঁৱৰণীৰ বুকুত জাহ গৈছিলা ।
মোৰ সোঁৱৰণীৰ বুকুত জাহ গৈছিলা ।