Thursday, 24 November 2016

অসংলগ্ন

()
ফাগুনী বতাহজাকে
তোমাৰ আঁচল কঁপাইছিল
এটি নিষ্পাপ স্বপ্ন
মোৰ শৰীৰত সিঁচিবলৈ
আঁচলখনে
উদ্বাউল হৈ নাচিছিল

()
বিষন্নতাৰ বুকুত মুখ গুঁজি উচুপিবলৈ
প্ৰয়োজন মাথো
তোমাৰ স্মৃতি বিজড়িত
এমুঠিমান অতীত

No comments:

Post a Comment