Thursday, 24 November 2016

বাস্তৱ


মোৰ মন আকাশৰ
বিষাদৰ কজলা ডাৱৰবোৰ
উৰুৱাই নিবলৈ
প্ৰেমৰ পচোৱাজাক
আৰু নাহে

দোভাগ নিশা
বুকুৰ সিক্ত ৰোৱাতলিত
তোমাৰ স্মৃতিৰ কঠিয়া সিঁচিবলৈ
বৰষুণজাক আৰু নাহে

মোৰ দুচকুৰ স্বপ্নক দিঠক কৰিবলৈ
এতিয়া যে সময়ে
তোমাক লৈ উভতি নাহে

No comments:

Post a Comment