Thursday 24 November 2016

স্বাধীনতা - ১


আমাক স্বাধীনতা লাগে
-কে-৪৭ ৰ গুলীৰ বিনিময়ত

দুচকুত সপোন আৰু হাতত
উদ্যত মাৰণাস্ত্ৰ লৈ
যিসকলে গভীৰ অৰণ্যত
জীৱন হেৰুৱালে
তেওঁলোকৰ প্ৰতিটোপাল তেজৰ বিনিময়ত
আমাক স্বাধীনতা লাগে

যিসকল শ্বহীদৰ পৰিয়ালত
আজিও উচুপনিৰ শব্দই ৰাউচি জোৰে,
তেওঁলোকৰ চকুপানীৰ বিনিময়ত
আমাক  স্বাধীনতা লাগে


আমি যে তথাকথিত স্বাধীন দেশৰ পৰাধীন নাগৰিক

No comments:

Post a Comment