Thursday, 24 November 2016

আপোন


 কোনোৱেই আপোন নহয়
এই পৃথিৱীত,
আপোনাৰ অথবা মোৰ বাবে

সময়ৰ জালত আবদ্ধ হৈ
ছটফটাই থকা আমিবোৰ
কাৰোবাৰ বাবে মাথো
মানুহ নামৰ বহুৰূপী

দুখৰ পাৰত দুখবোৰ জাৰি-জোকাৰি
হেঁপাহৰ কলং সাঁতুৰি
সুখৰ পাৰলৈ ঢাপলি মেলিব খোজা আমিবোৰ
কাৰোবাৰ বাবে প্ৰলাপী পাগল

বৰ্তমানৰ ৰুদ্ধদ্বাৰ অতিক্ৰমি
পৰিস্থিতিৰ মুখামুখি হব খোজা আমিবোৰ
কাৰোবাৰ বাবে
কেৱল একো একোজন বহুৱা

No comments:

Post a Comment