তুমি - ক্ষণিকতে যিদৰে আঁতৰি যায়
আকাশৰ নেজাল তৰা
ওঁঠৰ পৰা সৰি ক’ৰবাত যেন হেৰাই গ’ল আমাৰ কথা ।
মই - নেহেৰাই কেতিয়াও ওঠঁৰ ভাষা
বুকুত ওলমি আছে চোৱা,
সেয়াই তুমি কোৱা
কিছু সপোন, কিছু প্ৰত্যাশা ।
তুমি - প্ৰত্যাশাই যদি মিছা হয় ধূসৰ বন্দৰত
নাওঁ মেলি দিবা কি সাহসত ?
মই - নাওঁ ভটিয়াব কথানদীৰ সোঁতত
উচ্ছ্বলা যৌৱনা তুমি মোৰ চিফুং
বাঁহীৰ সুৰত ।
নিলাজ ফাগুন উৰিব তোমাৰ চাদৰৰ
আঁচলত
আঁকি দিওঁ নেকি পলাশৰ ৰঙা তোমাৰ
কপালত ?
তুমি - আঁকি ল’ম তোমাৰ হেঁপাহৰ ৰঙা মোৰ কপালত
তোমাৰ মৰমৰ নৈত ডুব যাম প্ৰতিটো
উশাহত ।
মই – মোৰ মৰমত নুডুবিবা
জীৱনৰ সেউজীয়া ঠিকনা হেৰুৱাবা
।
সৌৱা হাত বাউলি মাতিছে তোমাৰ
সপোনে
সাঁতুৰি পাৰ হৈ যোৱা ।
No comments:
Post a Comment