Thursday 24 November 2016

ফাগুন - ২


আপোনাৰ হৃদয়লৈও এদিন
ফাগুন আহিছিল
আপোনাৰ কলিজাত
পলাশৰ ৰঙা ছটিয়াই
ফাগুনে খিলখিলাই হাঁহিছিল
আপোনাৰ দীঘল চুলিটাৰিৰ ফাঁকে ফাঁকে
আঙুলি বুলাই
ফাগুনে এঘুমটি মাৰিছিল
ফাগুনৰ চেঁচা পৰশে
আপোনাক শিহঁৰিত কৰিছিল
আপোনাৰ আঁচল উৰুৱাই
নিলাজ ফাগুনে
বক্ষৰ সৌন্দৰ্য্য পান কৰিছিল

বিশ্বাস কৰক,
মোৰ বুকুলৈও ফাগুন আহিছিল
আপোনাৰ সৈতে খেলা কৰা
নিৰ্লজ্জ আবেলিটোৰ কথা কৈ
মোৰ লগত চুপতি মাৰিছিল
আপোনাৰ কুশল বতৰা জনাই
পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে
ফাগুনে মোৰ পৰা বিদায় মাগিছিল

No comments:

Post a Comment