Thursday, 24 November 2016

মুক্তি


তোমাৰ চকুলোৰ সোঁতত ভটিয়াই
মোৰ জীৱনৰ নাওঁ

তোমাৰ প্ৰগলভ চাৱনিত তিৰবিৰাইছিল
আশাৰ তৰালি
তোমাৰ উন্মাদ চুলিটাৰিৰ আন্ধাৰত
কুৰুকি কুৰুকি সেয়া আজি
কাৰ আঙুলিৰ ধেমালি ?

তোমাৰ চকুহালিত পিয়াপি ফুৰা
এটি নষ্ট স্বপ্নই
মুক্তিৰ বাট খেপিয়াই আত্মহত্যাৰ জখলা বগাইছিল
লোতকৰ বন্যাত উটি আহি সি
মোৰ হাতৰ তলু্ৱাত শুই পৰিছিল

No comments:

Post a Comment