Thursday 24 November 2016

শংকৰদেৱ একাডেমীৰ তুমি নীলাঞ্জনা বৰুৱা - ২


নীলাঞ্জনা,
তোমাৰ জেতুকাবুলীয়া আঙুলিৰ স্পৰ্শত
মোৰ শীৰ্ণ আঙুলিৰ জঠৰতা ভাঙে
তোমাৰ লাস্যময়ীতাৰ হিল্লোলত
বুকুত সেউজীয়া স্বপ্নৰ অনুৰণন জাগে

মই বিপ্লৱী হৈছো নীলাঞ্জনা
স্বাধীনতা বিচাৰি
ডাষ্টবিনৰ পৰিৱৰ্তে
গভীৰ সেউজীয়াৰ মাজত বিলীন হৈছো
বিপ্লৱৰ কবিতা আওৰাই
হাতত গুঁজি লৈছো বন্দুক আৰু বাৰুদ
যি হাতেৰে তোমাৰ হাতত
হাত থৈ
জীৱনৰ প্ৰতিশ্ৰুতি দিছিলো
সেই হাতেৰেই কত জীৱন হত্যা কৰি 
আজি বিপ্লৱৰ নিচান উৰুৱাইছো  
তুমি উপহাৰ দিয়া কলমেৰে 
প্ৰেমৰ কবিতা লিখাৰ পৰিৱৰ্তে,
বন্দুকেৰে লিখি গৈছো অৰণ্যৰ বুকুত
মাথো তেজৰ কবিতা

এটি ৰৌদ্ৰোজ্বল পুৱাৰ অপেক্ষাত
সাৰে থাকে
অৰণ্যৰ প্ৰতিটো নিশা 
মগজুত কলমটিওৱা
স্বাধীনতাৰ ভোকে আজুৰি নিয়ে
চকুহালিত ওলমি থকা
সপোনৰ জোলোঙা 

নীলাঞ্জনা,
মোৰ বাবে তুমি ঈশ্বৰক প্ৰাৰ্থনা নকৰিবা 
ঈশ্বৰ এই বিপ্লৱৰ পলৰীয়া বিপ্লৱী 

আই আৰু পিতাইৰ চকুলৈ চাবাচোন
আজিও দেখিবা তাত     
আশাৰ থোৰ মেলা ধাননি                  

হয়তো কোনোবা নিশা       
উভতি আহিম বিপ্লৱৰ দাবানল সামৰি                         
তোমাৰ ওচৰত বন্ধকত থোৱা
মোৰ হৃদয়খনৰ ভিক্ষা বিচাৰি 

No comments:

Post a Comment