Friday, 27 January 2017

স্বাধীনতা – ২


বুকুত এটি বিপ্লৱ নুৰিয়াই লৈ
তেওঁ মোৰ দুৱাৰত টুকুৰিয়াইছিল ।
এখন সেউজ অৰণ্যৰ স্বাধীনতাৰ স্বপ্নই
তেওঁক বাৰুকৈয়ে বলিয়া কৰিছিল ।

নৈৰ সিপাৰে ৰিণিকি ৰিণিকি শুনো আজিও
বিপ্লৱৰ কুচকাৱাজ কিম্বা মৃত্যুৰ আৰ্তনাদ ।
জীৱনে সোধে –
বুকুৰ হালধীয়াৰ পৰা অৰণ্যৰ সেউজীয়ালৈ
আৰু কিমানদূৰ বাট ?

মোৰ হাতত তেওঁ সঁপি গ’ল এমুঠি তেজে ধোৱা মাটি
কিন্তু তেওঁ জনা নাছিল –
মোৰ হাতত মোৰেই যে মৃত্যুঘন্টা আছে দুলি ।।

Sunday, 15 January 2017

শিলৰ আত্মকথা


মই এটি শিল হৈছিলো
স্মৃতিবোৰ শেলুৱৈ হৈছিল 
আৰু মোক চেপিছিল; উশাহবোৰ শুহি নোলোৱা পৰ্যন্ত

সময়বোৰ নৈ হৈ বৈ আহিছিল

দিগন্তগামী হেঙুলীয়াই
বাৰে বাৰে বেঙা মেলি চায়
সমীৰৰ সতে ঢৌ তুলি
শেলুৱৈৰ কৱলৰ পৰা মোক আজুৰিবলৈ
তোমাৰ যে কি আপ্ৰাণ চেষ্টা !

ছেঃ, তোমাৰ দুখবোৰ অৱগাহন কৰিব পৰা হলে...

Tuesday, 3 January 2017

কথোপকথন - ৩


 তুমি - ক্ষণিকতে যিদৰে আঁতৰি যায়
         আকাশৰ নেজাল তৰা
         ওঁঠৰ পৰা সৰি কৰবাত যেন হেৰাই গল আমাৰ কথা

মই - নেহেৰাই কেতিয়াও ওঠঁৰ ভাষা
        বুকুত ওলমি আছে চোৱা, সেয়াই তুমি কোৱা
        কিছু সপোন, কিছু প্ৰত্যাশা

তুমি - প্ৰত্যাশাই যদি মিছা হয় ধূসৰ বন্দৰত
         নাওঁ মেলি দিবা কি সাহসত ?           

মই - নাওঁ ভটিয়াব কথানদীৰ সোঁতত
        উচ্ছ্বলা যৌৱনা তুমি মোৰ চিফুং বাঁহীৰ সুৰত
        নিলাজ ফাগুন উৰিব তোমাৰ চাদৰৰ আঁচলত
        আঁকি দিওঁ নেকি পলাশৰ ৰঙা তোমাৰ কপালত ?

তুমি - আঁকি লম তোমাৰ হেঁপাহৰ ৰঙা মোৰ কপালত
         তোমাৰ মৰমৰ নৈত ডুব যাম প্ৰতিটো উশাহত

মইমোৰ মৰমত নুডুবিবা
        জীৱনৰ সেউজীয়া ঠিকনা হেৰুৱাবা
        সৌৱা হাত বাউলি মাতিছে তোমাৰ সপোনে
        সাঁতুৰি পাৰ হৈ যোৱা


                  

Wednesday, 28 December 2016

শংকৰদেৱ একাডেমীৰ তুমি নীলাঞ্জনা বৰুৱা – ৩


                                                                  
নীলাঞ্জনা,
কেনেকৈ তোমাৰ বোকোচাত তুলি দিওঁ
মোৰ বুকুৰ সমস্ত দুখ ?
তুমিতো নাজানা - তাৰ আঁৰত লুকাই আছে কাৰ চিনাকি মুখ

নৈৰ ঘাটত শেলুৱৈৰ চেপাত
শিলচটাই আজি উশাহ লব পৰা নাই
জাক হেৰুওৱা পখীৰ কলৰৱত
সন্ধ্যাটি ভূমাৰ বুকুত নিৰলে লুকায়

জানা,
তোমাৰ নিলাভ অথচ দ্ব্যৰ্থ চাৱনিয়ে
সিদিনা মোৰ সমস্ত শৰীৰত বগুৱা বাই ফুৰিছিল
মই হৈ পৰিছিলো নীড়হাৰা
যিদিনা তুমি তোমাৰ আঁচলৰ আঁৰত
এটি কুঁৱলীসনা সন্ধ্যা মেৰাই লৈ আহিছিলা
আৰু মোৰ কান্ধত মূৰ থৈ সুধিছিলা
কিমান কঠিন হলে বুকুত সপোনে কুৰুকিব পাৰে ?
কিমান গভীৰ হলে উশাহত হুমুনিয়াহ উজাই যাব পাৰে ?
কিমান উজাগৰ ৰাতিৰ শেষত চকুত ওলমে আশাৰ জোলোঙা ?
অথবা
কিমান হতাশাই আঙুলিৰ ঠাঁৰত স্তব্ধ কৰিব পাৰে জীৱনৰ উন্মাদনা ?

মোৰ কম্পিত ওঁঠে মৌনতাৰ আৱৰণ গুচাই
তোমাৰ উত্তৰ দিবলৈ অপাৰগ আছিল
মই যে আজি মৌন বুদ্ধ !

পুনঃ
কালি তুমি আকৌ আহিছিলা
পূৰ্ণিমাৰ জোনাকী নিশা তোমাৰ উত্তৰ বিচাৰি
বাট হেৰুৱাইছিলা আৰু
মোৰ সোঁৱৰণীৰ বুকুত জাহ গৈছিলা

Saturday, 26 November 2016

আন্ধাৰ


   নিজকেই বিশ্বাস হোৱা নাই তাৰ ইমান অকল্পনীয় স্বীকাৰোক্তি কৰাৰ সাহস সি কত পালে ? তাকো তাইৰ আগত ? কিহৰ বাবে সি নিজকে তাইৰ আগত মানসিকভাৱে নগ্ন কৰি তুলি ধৰিলে ? কি স্বাৰ্থ আছিল তাৰ ?
  
   কোঠাটোৰ এচুকত থকা টেবুলখনৰ সন্মুখত বহি সি আবেলিৰ ঘটনাটোকে পাগুলিয়াই আছিল মনৰ সাগৰত চিন্তাৰ প্ৰচণ্ড ঢৌবোৰৰ মাজত সি নিজকে অসহায় নাওঁ এখনৰ দৰে এৰি দিছিল ঢৌবোৰ অতিক্ৰমি সিপাৰ পোৱাৰ আশাত কিম্বা হেৰাই যোৱাৰ তাড়নাত
   
   সকলো ঘটনা সামৰি সি চিঠি এখনত তাইলৈ নীলা আখৰবোৰ আঁকিবলৈ লৈছিল মাত্ৰ, তেনেতে কাৰেণ্ট গ খেপিয়াই খেপিয়াই সি মম এডাল জ্বলালে তাৰ আঙুলিবোৰ কঁপিছিলঠাণ্ডা কিম্বা মানসিক অস্থিৰতাত
   
   ক্ৰমশঃ মমডাল গলি গলি শেষ হৈ আহিছে ,ঠিক তাৰ কলিজাটিৰ দৰে কলিজাৰ কেঁচা তেজত আজি তাইৰ চিনাকি গোন্ধ নাই কলিজাৰ উৱলি যোৱা পঁজাত তাই বহুদিন ভুমুকি মৰা নাই আলপৈচানৰ অভাৱত আজি জহি-খহি নিঃশেষ হব ধৰিছে তাৰ কেঁচা ৰঙৰ প্ৰেমৰ পঁজা তাৰ চিঠিখন আধৰুৱা হৈয়েই পৰি ৰ তাৰ আঙুলিকেইটাই কান্দিছিল, চিঠিখন মোহাৰি চুকৰ ডাষ্টবিনটোলৈ দলিয়াই গলি গলি নিঃশেষ হৈ অহা মমডালে এটা সময়ত নিজকে মৃত ঘোষণা কৰিছিল মাথো শ্মশানৰ চিতাৰ দৰে তাৰ মৃত শৰীৰৰ পৰা উৰি আহিছিল উমুঠিমান ধোঁৱা কোঠাটোৱেও তাক সাৱতি আন্ধাৰত বুৰ মাৰিছিল

   এৰা, সঁচাকৈয়ে বৰ আন্ধাৰ

Friday, 25 November 2016

স্পন্দিতাৰ ডায়েৰীৰ অন্তিমটো পৃষ্ঠা


   বহুত অভিনয় কৰিলো জীৱন নামৰ নাটকখনিত আজি মই বৰ ক্লান্ত অ’...
   
    জীৱনটোত মই নিজৰ ইচ্ছাৰে জীয়াই থাকিব বিচাৰো তাৰ বাবেই হয়তো মই হেৰুৱাইছো পৰিয়ালৰ আস্থা তেওঁলোকৰ বাবে মই ত্যাজ্য ক্ৰমাৎ বাঢ়ি গৈ আছে সম্পৰ্কৰ দূৰত্ববোৰ শুকাই শুকাই লেহুকা হৈ গৈ আছে বন্ধু-বান্ধৱীৰ লগত থকা এনাজৰীডাল সকলোৰে পৰা আঁতৰি আহি আজি মই মোৰ পৃথিৱীতে স্বনিৰ্বাসিত ভগৱানক মই বিশ্বাস নকৰো, কৰিব নোখোজো সংগীবিহীনভাৱে অতিবাহিত হৈ আছে তথাকথিত জীৱন মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছো মই প্ৰতিনিশাই নিসংগতা আৰু একাকীত্বৰ চিকাৰ হৈ পৰো  
   
   তথাপিও অশেষ চেষ্টা কৰিও অনুৰাগক মোৰ মনৰ পৰা আঁতৰাই পঠিয়াব পৰা নাই তাৰ মাজত,তাৰ সপোনবোৰৰ মাজত মোৰ জীৱনটোক নতুনকৈ বিচৰাৰ হাবিয়াস জাগি উঠে সপোনত যেতিয়া সি আহে,মোৰ বুকুৰ মাজৰ লুকাই থকা কোনোবা যুগৰ আশাবোৰে যেন এঙামুৰি দি উঠে হঠাতে তাক চিঞৰি কব মন যায় –“ অনুৰাগ, ময়ো তোমাক বহুত ভাল পাওঁ নোৱাৰো ক বিবেকে বাধা দিয়ে কেনেকৈ কওঁ তাক মোৰ জীৱনৰ চৰম সত্য ? আৱেগ আৰু বিবেকৰ অঘোষিত যুদ্ধত থকা-সৰকা হৈ পৰো নিজকে বুজোৱাৰ অপচেষ্টা কৰো তাৰ উজ্জ্বল চকুহালিত চকু থৈ কথা কোৱাৰ সাহস নাই মোৰ নিজকে স্বাৰ্থপৰ যেন অনুভৱ হয় তাৰ সঁচা ভালপোৱাৰ বিনিময়ত তাক কি দিলো ? এবুকু যন্ত্ৰণা,এমুঠি গভীৰ হুমুনিয়াহ আৰু কিছু গধুৰ কষ্টকৰ  উশাহ আবেলি নৈৰ পাৰত সময়ে সোঁতৰ দৰে গতি কৰে অথচ মই নিৰুপায়
   
   মই কেঞ্চাৰত আক্ৰান্ত,অন্তিম পৰ্যায় ভাগি পৰিছো মই সম্পূৰ্ণৰূপে জীয়াই থকাৰ হেঁপাহবোৰ ক্ৰমান্বয়ে আঁতৰি যায় এক বিশাল শূণ্যতাই অৱশিষ্ট দিনকেইটা কুটি কুটি খায় আজিও মই সপোন দেখোবৃদ্ধ ছাণ্টিয়াগোৰ সপোন,শুই থকা সিংহৰ সপোন পাৰ্থক্য মাথো এটাইসিহঁতে শুইছে নতুন উদ্যমেৰে পিছদিনা আকৌ নিজ কামত ব্যস্ত হোৱাৰ দোহাই দি আৰু মই...? নৈৰ পাৰত চিতা এখনে যে মোৰ শৰীৰটোক সাৱতি লবলৈ ব্যাকুল হৈ পৰিছে
   
   উজাগৰে পাৰ হৈ গৈ থাকে নিশাবোৰ, কোটৰত সোমাই গৈ থাকে চকুহালি মই যেন হতাশাত ভুগিছো অপ্ৰাপ্তিৰ হতাশা,বিফলতাৰ হতাশা এখন এখনকৈ জ্বলাই দিও মোৰ পুৰণি ডায়েৰীবোৰ,যাৰ পাতে পাতে লিখা আছে জীৱনৰ অপ্ৰকাশিত গোপন অধ্যায়বোৰ ;যিবোৰ প্ৰকাশ হোৱাটো মই নিবিচাৰো এতিয়া আৰু মই ডায়েৰী লিখাৰ প্ৰয়োজন অনুভৱ নকৰো মোৰ শীৰ্ণ আঙুলিত ভেঁজা দি আজি জীৱনেই যে মোৰ ডায়েৰী লিখিছে ...

Thursday, 24 November 2016

কবিতা


আকাশে নাজানে
তাৰ বিশালতাৰ কথা
নদীয়ে নাজানে
তাৰ গভীৰতাৰ কথা

তুমিও নাজানা
তোমাৰ বুকুৰ খাজে খাজে বৈ থকা
ভালপোৱাৰ সূঁতিটোৰ কথা
কাৰণ,তুমি মোৰ বাবে এটি কবিতা
জটিলতাই স্পৰ্শ নকৰা
অলিখিত
এটি জীৱন্ত কবিতা

বাস্তৱ


মোৰ মন আকাশৰ
বিষাদৰ কজলা ডাৱৰবোৰ
উৰুৱাই নিবলৈ
প্ৰেমৰ পচোৱাজাক
আৰু নাহে

দোভাগ নিশা
বুকুৰ সিক্ত ৰোৱাতলিত
তোমাৰ স্মৃতিৰ কঠিয়া সিঁচিবলৈ
বৰষুণজাক আৰু নাহে

মোৰ দুচকুৰ স্বপ্নক দিঠক কৰিবলৈ
এতিয়া যে সময়ে
তোমাক লৈ উভতি নাহে

মুক্তি


তোমাৰ চকুলোৰ সোঁতত ভটিয়াই
মোৰ জীৱনৰ নাওঁ

তোমাৰ প্ৰগলভ চাৱনিত তিৰবিৰাইছিল
আশাৰ তৰালি
তোমাৰ উন্মাদ চুলিটাৰিৰ আন্ধাৰত
কুৰুকি কুৰুকি সেয়া আজি
কাৰ আঙুলিৰ ধেমালি ?

তোমাৰ চকুহালিত পিয়াপি ফুৰা
এটি নষ্ট স্বপ্নই
মুক্তিৰ বাট খেপিয়াই আত্মহত্যাৰ জখলা বগাইছিল
লোতকৰ বন্যাত উটি আহি সি
মোৰ হাতৰ তলু্ৱাত শুই পৰিছিল

শ্ৰমিক


এটি ৰৌদ্ৰদগ্ধ শৰীৰ ,
এটা ক্লান্ত মন,
সুৰুঙাবিহীন কৰ্মব্যস্ততা,এটা পৰাধীন জীৱন
কাৰণ
তেওঁলোক যে শ্ৰমিক

স্বাধীনতাৰ তৃষ্ণাত আতুৰ ,
বোজাৰ ভৰত কাতৰ তেওঁলোকৰ শৰীৰ

এমুঠি অন্ন,এটি আশ্ৰয় কিম্বা
পৰিয়ালৰ চাৰিবেৰত ওলোমাব খোজা
এটি হাঁহিৰ আশাত
বন্দী,
তেওঁলোকৰ দুহাত

তেওঁলোকৰ দুহাতেৰে বাগৰে
কেঁচা তেজৰ সোঁত ,
ত বিৰিঙি উঠে জীৱনৰ দুখৰ দলিল
দুহালি চকুৰে পাৰভাঙি বৈ আহে
আৱেগৰ লোতক ,
ত লুকাই থাকে হেৰুওৱাৰ যাতনা

এৰা...
সময়ৰ আগত বশ্যতা স্বীকাৰ কৰা
এওঁলোকেই হল শ্ৰমিক

সময়


স্মৃতিৰ জোলোঙাৰ পৰা
সৰি পৰিল
এমুঠি সময় ;
হেঙুল বৰণীয়া
ক্লান্ত,বিষণ্ণ সময়

অতীত কিম্বা ভৱিষ্যতৰ বোজাত
ভাৰাক্ৰান্ত বৰ্তমান সময়

আইৰ দুচকুত সময়ে
আঁকিব খোজা নাছিল ,
পিতাইৰ বিষাদগ্ৰস্ত মুখখনি
আইৰ কপালত জ্যোতিস্মান
নষ্টালজিয়াৰ ৰঙা ফোঁটটিক
সময়ে অপমানিত কৰিব বিচৰা নাছিল
মাথো অতীতৰ সমাধি বগাই
নিৰৱে গুচি গৈছিল
সময়...।।



স্বপ্ন


গৰাখহনীয়া সৃষ্টি কৰিছে বুকুত
অসুখীয়া স্বপ্নবোৰে
কমাই আনি আছে ক্ৰমশঃ
হৃদয়ৰ পৰিসৰ...

মৃত্যুমুখী যাত্ৰা
আৰম্ভ কৰিছে সিহঁতে
আৰু মই
মৃত্যুমুখী স্বপ্নৰ বাবে
বুকুত খান্দিছো কবৰ... ।।

ফাগুন - ২


আপোনাৰ হৃদয়লৈও এদিন
ফাগুন আহিছিল
আপোনাৰ কলিজাত
পলাশৰ ৰঙা ছটিয়াই
ফাগুনে খিলখিলাই হাঁহিছিল
আপোনাৰ দীঘল চুলিটাৰিৰ ফাঁকে ফাঁকে
আঙুলি বুলাই
ফাগুনে এঘুমটি মাৰিছিল
ফাগুনৰ চেঁচা পৰশে
আপোনাক শিহঁৰিত কৰিছিল
আপোনাৰ আঁচল উৰুৱাই
নিলাজ ফাগুনে
বক্ষৰ সৌন্দৰ্য্য পান কৰিছিল

বিশ্বাস কৰক,
মোৰ বুকুলৈও ফাগুন আহিছিল
আপোনাৰ সৈতে খেলা কৰা
নিৰ্লজ্জ আবেলিটোৰ কথা কৈ
মোৰ লগত চুপতি মাৰিছিল
আপোনাৰ কুশল বতৰা জনাই
পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে
ফাগুনে মোৰ পৰা বিদায় মাগিছিল