Thursday, 24 November 2016

শংকৰদেৱ একাডেমীৰ তুমি নীলাঞ্জনা বৰুৱা - ১


নীলাঞ্জনা,
তোমাৰ অভিমানী চকুযুৰিৰ
তপত অশ্ৰুৱে
বহুদিন তিয়াব পৰা নাই
মোৰ বগা চোলা
তোমাৰ লিহিৰি আঙুলিৰ পৰশে
চেঁচা কৰিব পৰা নাই
মোৰ তপত কলিজা

নীলাঞ্জনা,
কিয় বাৰু তুমি মোৰ বুকুৰ জেওৰা পাৰ হৈ
মোৰ হৃদয়খন চুৰ কৰি নিলা ?

আজি মই আৱেগবিহীন,অনুভূতিবিহীন
কাৰণ আজি যে মই হৃদয়বিহীন

শংকৰদেৱ একাডেমীৰ নীলাঞ্জনা বৰুৱা,
মোৰ হৃদয়খন সযতনে ৰাখিবা

কথোপকথন - ২


মোৰ দুচকুৰ বিষণ্ণতাৰ
কজলা ডাৱৰখিনি
তুমি তোমাৰ দুচকুত বাকি ললা

তোমাৰ দুওঁঠৰ বাঁহীত
মোৰ শূণ্যতাৰ অনুৰণন

নৈখনে আজি আকাশ চুমাৰ কথা আছিল
শেলুৱৈ গঁজা শিলত এটি জীৱনে উচুপাৰ কথা আছিল 
আঙুলিৰ ফাঁকেৰে
এন্ধাৰবোৰ সৰকি যোৱাৰ কথা আছিল
কথা নাছিল -
প্ৰতিটো সন্ধিয়াৰ হেঙুলীয়াখিনি পি পি
মোৰ বাবে অপেক্ষা কৰাৰ কথা নাছিল
মৰহিব খোজা হালধীয়া সপোনবোৰক
তুলি -তালি সেউজীয়া কৰি
মোৰ বুকুত ৰোৱাৰ কথা নাছিল

যি বাটেৰে তুমি মোৰ বুকুৰ মৰিশালিলৈ আহি আছা
আশাকৰোঁ সেই বাট কেতিয়াও শেষ নহওঁক

কথোপকথন - ১


মই তোমাৰ ডায়েৰিৰ এটি পৃষ্ঠা বিচাৰিছিলো
তুমি তোমাৰ জীৱনৰ পৃষ্ঠা মোক দিলা
মই সুধিলো কিয় দিলা ?
তুমি কলা
তাতেই যে লুকাই আছে তুমি বিচাৰি ফুৰা
সকলো গোপন যন্ত্ৰণা
মই কলো
তোমাৰ বুকুৰ উপত্যকাত দেখা নাই মই
বিষাদৰ বান
তুমি কলা
কেনেকৈ দেখিবা ?
মোৰ বুকুত কাণ পাতি শুনা
সি যে আজি মোৰ জীৱনৰ গান