Thursday, 24 November 2016

কথোপকথন - ২


মোৰ দুচকুৰ বিষণ্ণতাৰ
কজলা ডাৱৰখিনি
তুমি তোমাৰ দুচকুত বাকি ললা

তোমাৰ দুওঁঠৰ বাঁহীত
মোৰ শূণ্যতাৰ অনুৰণন

নৈখনে আজি আকাশ চুমাৰ কথা আছিল
শেলুৱৈ গঁজা শিলত এটি জীৱনে উচুপাৰ কথা আছিল 
আঙুলিৰ ফাঁকেৰে
এন্ধাৰবোৰ সৰকি যোৱাৰ কথা আছিল
কথা নাছিল -
প্ৰতিটো সন্ধিয়াৰ হেঙুলীয়াখিনি পি পি
মোৰ বাবে অপেক্ষা কৰাৰ কথা নাছিল
মৰহিব খোজা হালধীয়া সপোনবোৰক
তুলি -তালি সেউজীয়া কৰি
মোৰ বুকুত ৰোৱাৰ কথা নাছিল

যি বাটেৰে তুমি মোৰ বুকুৰ মৰিশালিলৈ আহি আছা
আশাকৰোঁ সেই বাট কেতিয়াও শেষ নহওঁক

No comments:

Post a Comment