নীলাঞ্জনা,
তোমাৰ
অভিমানী চকুযুৰিৰ
তপত
অশ্ৰুৱে
বহুদিন
তিয়াব পৰা নাই
মোৰ
বগা চোলা ।
তোমাৰ
লিহিৰি আঙুলিৰ পৰশে
চেঁচা
কৰিব পৰা নাই
মোৰ
তপত কলিজা ।
নীলাঞ্জনা,
কিয়
বাৰু তুমি মোৰ বুকুৰ জেওৰা পাৰ হৈ
মোৰ
হৃদয়খন চুৰ কৰি নিলা ?
আজি
মই আৱেগবিহীন,অনুভূতিবিহীন
কাৰণ
আজি যে মই হৃদয়বিহীন ।
শংকৰদেৱ
একাডেমীৰ নীলাঞ্জনা বৰুৱা,
মোৰ হৃদয়খন
সযতনে ৰাখিবা ।
No comments:
Post a Comment