মই
তোমাৰ ডায়েৰিৰ এটি পৃষ্ঠা বিচাৰিছিলো ।
তুমি
তোমাৰ জীৱনৰ পৃষ্ঠা মোক দিলা ।
মই
সুধিলো কিয় দিলা ?
তুমি
ক’লা
তাতেই
যে লুকাই আছে তুমি বিচাৰি ফুৰা
সকলো
গোপন যন্ত্ৰণা ।
মই
ক’লো
তোমাৰ
বুকুৰ উপত্যকাত দেখা নাই মই
বিষাদৰ
বান ।
তুমি
ক’লা
কেনেকৈ
দেখিবা ?
মোৰ
বুকুত কাণ পাতি শুনা
সি
যে আজি মোৰ জীৱনৰ গান ।
No comments:
Post a Comment