Thursday, 24 November 2016

শীতৰ কাব্য


মই শীত, তুমি কুঁৱলী
মই পথাৰৰ সোণোৱালী শইচ
তুমি মোৰ আঘোণী দাৱনী

দুচকুত আশাৰ জলছবি
মৌনতাৰ কোলাহলত নাযায়-নুপুৱায় দুখৰ ৰাতি
নৈৰ ঘাটত বহি
কোনে বজায় শিলৰ বাঁহী ?
নিতালে শুই থকা বুকুৰ স্পন্দনত
সাৰে ৰয়
উমাল শৈশৱৰ সোঁৱৰণী


No comments:

Post a Comment