Sunday, 15 January 2017

শিলৰ আত্মকথা


মই এটি শিল হৈছিলো
স্মৃতিবোৰ শেলুৱৈ হৈছিল 
আৰু মোক চেপিছিল; উশাহবোৰ শুহি নোলোৱা পৰ্যন্ত

সময়বোৰ নৈ হৈ বৈ আহিছিল

দিগন্তগামী হেঙুলীয়াই
বাৰে বাৰে বেঙা মেলি চায়
সমীৰৰ সতে ঢৌ তুলি
শেলুৱৈৰ কৱলৰ পৰা মোক আজুৰিবলৈ
তোমাৰ যে কি আপ্ৰাণ চেষ্টা !

ছেঃ, তোমাৰ দুখবোৰ অৱগাহন কৰিব পৰা হলে...

Tuesday, 3 January 2017

কথোপকথন - ৩


 তুমি - ক্ষণিকতে যিদৰে আঁতৰি যায়
         আকাশৰ নেজাল তৰা
         ওঁঠৰ পৰা সৰি কৰবাত যেন হেৰাই গল আমাৰ কথা

মই - নেহেৰাই কেতিয়াও ওঠঁৰ ভাষা
        বুকুত ওলমি আছে চোৱা, সেয়াই তুমি কোৱা
        কিছু সপোন, কিছু প্ৰত্যাশা

তুমি - প্ৰত্যাশাই যদি মিছা হয় ধূসৰ বন্দৰত
         নাওঁ মেলি দিবা কি সাহসত ?           

মই - নাওঁ ভটিয়াব কথানদীৰ সোঁতত
        উচ্ছ্বলা যৌৱনা তুমি মোৰ চিফুং বাঁহীৰ সুৰত
        নিলাজ ফাগুন উৰিব তোমাৰ চাদৰৰ আঁচলত
        আঁকি দিওঁ নেকি পলাশৰ ৰঙা তোমাৰ কপালত ?

তুমি - আঁকি লম তোমাৰ হেঁপাহৰ ৰঙা মোৰ কপালত
         তোমাৰ মৰমৰ নৈত ডুব যাম প্ৰতিটো উশাহত

মইমোৰ মৰমত নুডুবিবা
        জীৱনৰ সেউজীয়া ঠিকনা হেৰুৱাবা
        সৌৱা হাত বাউলি মাতিছে তোমাৰ সপোনে
        সাঁতুৰি পাৰ হৈ যোৱা


                  

Wednesday, 28 December 2016

শংকৰদেৱ একাডেমীৰ তুমি নীলাঞ্জনা বৰুৱা – ৩


                                                                  
নীলাঞ্জনা,
কেনেকৈ তোমাৰ বোকোচাত তুলি দিওঁ
মোৰ বুকুৰ সমস্ত দুখ ?
তুমিতো নাজানা - তাৰ আঁৰত লুকাই আছে কাৰ চিনাকি মুখ

নৈৰ ঘাটত শেলুৱৈৰ চেপাত
শিলচটাই আজি উশাহ লব পৰা নাই
জাক হেৰুওৱা পখীৰ কলৰৱত
সন্ধ্যাটি ভূমাৰ বুকুত নিৰলে লুকায়

জানা,
তোমাৰ নিলাভ অথচ দ্ব্যৰ্থ চাৱনিয়ে
সিদিনা মোৰ সমস্ত শৰীৰত বগুৱা বাই ফুৰিছিল
মই হৈ পৰিছিলো নীড়হাৰা
যিদিনা তুমি তোমাৰ আঁচলৰ আঁৰত
এটি কুঁৱলীসনা সন্ধ্যা মেৰাই লৈ আহিছিলা
আৰু মোৰ কান্ধত মূৰ থৈ সুধিছিলা
কিমান কঠিন হলে বুকুত সপোনে কুৰুকিব পাৰে ?
কিমান গভীৰ হলে উশাহত হুমুনিয়াহ উজাই যাব পাৰে ?
কিমান উজাগৰ ৰাতিৰ শেষত চকুত ওলমে আশাৰ জোলোঙা ?
অথবা
কিমান হতাশাই আঙুলিৰ ঠাঁৰত স্তব্ধ কৰিব পাৰে জীৱনৰ উন্মাদনা ?

মোৰ কম্পিত ওঁঠে মৌনতাৰ আৱৰণ গুচাই
তোমাৰ উত্তৰ দিবলৈ অপাৰগ আছিল
মই যে আজি মৌন বুদ্ধ !

পুনঃ
কালি তুমি আকৌ আহিছিলা
পূৰ্ণিমাৰ জোনাকী নিশা তোমাৰ উত্তৰ বিচাৰি
বাট হেৰুৱাইছিলা আৰু
মোৰ সোঁৱৰণীৰ বুকুত জাহ গৈছিলা