Friday 27 January 2017

স্বাধীনতা – ২


বুকুত এটি বিপ্লৱ নুৰিয়াই লৈ
তেওঁ মোৰ দুৱাৰত টুকুৰিয়াইছিল ।
এখন সেউজ অৰণ্যৰ স্বাধীনতাৰ স্বপ্নই
তেওঁক বাৰুকৈয়ে বলিয়া কৰিছিল ।

নৈৰ সিপাৰে ৰিণিকি ৰিণিকি শুনো আজিও
বিপ্লৱৰ কুচকাৱাজ কিম্বা মৃত্যুৰ আৰ্তনাদ ।
জীৱনে সোধে –
বুকুৰ হালধীয়াৰ পৰা অৰণ্যৰ সেউজীয়ালৈ
আৰু কিমানদূৰ বাট ?

মোৰ হাতত তেওঁ সঁপি গ’ল এমুঠি তেজে ধোৱা মাটি
কিন্তু তেওঁ জনা নাছিল –
মোৰ হাতত মোৰেই যে মৃত্যুঘন্টা আছে দুলি ।।

Sunday 15 January 2017

শিলৰ আত্মকথা


মই এটি শিল হৈছিলো
স্মৃতিবোৰ শেলুৱৈ হৈছিল 
আৰু মোক চেপিছিল; উশাহবোৰ শুহি নোলোৱা পৰ্যন্ত

সময়বোৰ নৈ হৈ বৈ আহিছিল

দিগন্তগামী হেঙুলীয়াই
বাৰে বাৰে বেঙা মেলি চায়
সমীৰৰ সতে ঢৌ তুলি
শেলুৱৈৰ কৱলৰ পৰা মোক আজুৰিবলৈ
তোমাৰ যে কি আপ্ৰাণ চেষ্টা !

ছেঃ, তোমাৰ দুখবোৰ অৱগাহন কৰিব পৰা হলে...

Tuesday 3 January 2017

কথোপকথন - ৩


 তুমি - ক্ষণিকতে যিদৰে আঁতৰি যায়
         আকাশৰ নেজাল তৰা
         ওঁঠৰ পৰা সৰি কৰবাত যেন হেৰাই গল আমাৰ কথা

মই - নেহেৰাই কেতিয়াও ওঠঁৰ ভাষা
        বুকুত ওলমি আছে চোৱা, সেয়াই তুমি কোৱা
        কিছু সপোন, কিছু প্ৰত্যাশা

তুমি - প্ৰত্যাশাই যদি মিছা হয় ধূসৰ বন্দৰত
         নাওঁ মেলি দিবা কি সাহসত ?           

মই - নাওঁ ভটিয়াব কথানদীৰ সোঁতত
        উচ্ছ্বলা যৌৱনা তুমি মোৰ চিফুং বাঁহীৰ সুৰত
        নিলাজ ফাগুন উৰিব তোমাৰ চাদৰৰ আঁচলত
        আঁকি দিওঁ নেকি পলাশৰ ৰঙা তোমাৰ কপালত ?

তুমি - আঁকি লম তোমাৰ হেঁপাহৰ ৰঙা মোৰ কপালত
         তোমাৰ মৰমৰ নৈত ডুব যাম প্ৰতিটো উশাহত

মইমোৰ মৰমত নুডুবিবা
        জীৱনৰ সেউজীয়া ঠিকনা হেৰুৱাবা
        সৌৱা হাত বাউলি মাতিছে তোমাৰ সপোনে
        সাঁতুৰি পাৰ হৈ যোৱা